সমললৈ যাওক

শচীন দেৱবৰ্মণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শচীন দেৱবৰ্মণ

শচীন দেৱবৰ্মণ
অন্য নাম এচ ডি বৰ্মণ
সক্ৰিয় হৈ থকা সময় ১৯৩৩-১৯৭৫
দাম্পত্যসঙ্গী মীৰা দেব বৰ্মন, বিবাহ-পূৰ্বঃ মীৰা দাসগুপ্ত (১৯২৩-২০০৭)
সন্তান ৰাহুল দেৱ বৰ্মন
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৫৮: সঙ্গীত নাটক একাডেমী পুৰস্কাৰ - পূৰ্ণ তালিকা

শচীন দেৱবৰ্মণ (অক্টোবৰ ১, ১৯০৬ - অক্টোবৰ ৩১, ১৯৭৫) বিংশ শতাব্দীত ভাৰতীয় বাংলা গানৰ কিংবদন্তীতূল্য আৰু জনপ্ৰিয় সঙ্গীত শিল্পী। প্ৰায়: তেওঁক এচ, ডি, বৰ্মণ হিচাপে উল্লেখ কৰা হয়। কিছু অনুনাসিক কণ্ঠস্বৰৰ বাবে তেওঁ তেওঁৰ শ্ৰোতাসকলৰ মাজত বিশেষভাবে পৰিচিত। বিগত প্ৰায় এশ বছৰেও বাংলা গানৰ শ্ৰোতাসকলৰ মাজত তেওঁৰ কালোত্তীৰ্ণ গানৰ আবেদন কিঞ্চিতো লঘু নাইহোৱা। কেবল সঙ্গীতশিল্পী হিচাপেই নহয়, গীতিকাৰ হিচাপেও তেওঁ সাৰ্থক। তেওঁ বিভিন্ন চলচ্চিত্ৰত সঙ্গীত পৰিচালকৰ দায়িত্ব পালন কৰিছে। তেওঁৰ পুত্ৰ ৰাহুল দেৱবৰ্মণ ভাৰতৰ বিখ্যাত সঙ্গীত পৰিচালক আৰু সুৰকাৰ আছিল। তেওঁৰ ছাত্ৰী আৰু পৰবৰ্তীকালত সহধৰ্মিনী মীৰা দেৱবৰ্মণে গীতিকাৰ হিচাপে খ্যাতি অৰ্জন কৰে।

জীৱনকাল

[সম্পাদনা কৰক]

তেখেতৰ জন্ম কুমিল্লাত, ত্ৰিপুৰাৰ চন্দ্ৰবংশীয় মাণিক্য ৰাজপৰিয়ালৰ সন্তান। দেউতাক নবদ্বীপচন্দ্ৰ দেৱবৰ্মণৰ ওচৰত সঙ্গীত শিক্ষা আৰম্ভ কৰে। তৎকালীন ত্ৰিপুৰাৰ অন্তৰ্গত কুমিল্লাৰ ৰাজপৰিয়ালৰ নটি সন্তানৰ মাজত তেওঁ আছিল অন্যতম। মাতৃ মণিপুৰি ৰাজবংশৰ ছোৱালী নিৰুপমা দেৱী। ১৯২০ খ্ৰীষ্টাব্দত কুমিল্লা জিলা স্কুলৰ পৰা মেট্ৰিক পাছ কৰি ভিক্টোৰিয়া কলেজত ভৰ্তি হয়। ১৯২২ খ্ৰীষ্টাব্দত সেই কলেজৰ পৰাই আইএ পাছ কৰে। তাৰপাছতভিক্টোৰিয়া কলেজত বিএ ক্লাছত ভৰ্তি হয়। ১৯২৪ খীষ্টাব্দত কলকাতা বিশ্ববিদ্যালয়ত এমএ ত ভৰ্তি হয়। ১৯৪৪ খ্ৰীষ্টাব্দৰ পৰা স্থায়ীভাবে মুম্বাইত বসবাস কৰিবলৈ আৰম্ভ কৰে। ১৯৭৫ খ্ৰীষ্টাব্দত প্যাৰালিটিক ষ্ট্ৰোক হৈ কোমাত আছিল পাঁচ মাহ। ৩১ অক্টোবৰ, ১৯৭৫ তেওঁৰ প্ৰয়াণ হয়।

বংশ পৰিচয়

[সম্পাদনা কৰক]

কুমিল্লাৰ ঐতিহাসিক অভয় আশ্ৰমৰ তত্ত্বাবধায়ক সংগীত প্ৰাণ প্ৰয়াত শ্ৰী পৰিমল দত্তৰ স্মৃতিকথাৰ পৰা জনা যায় যে, চহৰৰ চৰ্থা এলেকাৰ গোল পুখুৰীৰ দণি পাৰাৰ এই ঘৰটো আছিল তৎকালীণ ভাৰত বৰ্ষৰ ত্ৰিপুৰা ৰাজ্যৰ মহাৰাজ বীৰচন্দ্ৰ মাণিক্য বাহাদুৰৰ সৎভাই মহাৰাজ নবদ্বীপ কুমাৰ দেৱ বৰ্মন বাহাদুৰৰ। ত্ৰিপুৰাৰ এই মহাৰাজৰ স্ত্ৰী আছিল বহু কেইগৰাকী। তাৰ মাজত পাটৰাণীৰ পুত্ৰ মহাৰাজ নবদ্বীপ কুমাৰ দেৱ বৰ্মন বাহাদুৰক আন এক ৰাণীৰ পুত্ৰ বীৰচন্দ্ৰ মাণিক্য বাহাদুৰে হত্যা কৰিবলৈ উঠি পৰি লাগে উপায়ান্তৰ নেদেখি মহাৰাজ নবদ্বীপে ৰাজ প্ৰাসাদৰ কৰ্মকৰ্তা শ্ৰী কৈলাস সিংহৰ পৰামৰ্শমতে সপৰিয়ালে কুমিল্লালৈ গুচি আহে।

জনা যায়, বিখ্যাত ‘ৰাজমালা’ গ্ৰন্থখন কৈলাস সিংহই ৰচনা কৰিছিল। কৈলাস সিংহৰ পৰামৰ্শমতেই মহাৰাজ নবদ্বীপে সিংহাসনৰ দাবীও সেই সময়ত এৰি দিছিল। কুমিল্লা চহৰৰ পূৰ্ব চৰ্থাত অবস্থিত এই ঘৰটো সেইসময়তে নিৰ্মিত হৈছিল। ঘৰটো দেখাত কুমিল্লা চহৰৰ ব্ৰিটিছৰ আমোলাত তৈয়াৰী ঘৰসমূহৰ দৰেই ভাব হয়। এই ঘৰটো দেখাত কোনো ৰাজ প্ৰসাদৰ দৰে নহয়। এই কুমাৰ দেৱ বৰ্মন বাহাদুৰৰ পুত্ৰই হ’ল শচীন দেৱ বৰ্মন।

প্ৰাথমিক সঙ্গীত শিক্ষা

[সম্পাদনা কৰক]

দেউতাক নবদ্বীপচন্দ্ৰ দেৱ বৰ্মন আছিল এজন চেতাৰবাদক আৰু ধ্ৰূপদী সঙ্গীতশিল্পী। তেৱেঁই আছিল শচীন দেৱবৰ্মনৰ প্ৰথম শিক্ষক। তাৰপাছত তেওঁৰ সঙ্গীত শিক্ষা চলে উস্তাদ বাদল খান আৰু বিশ্বদেব চট্টোপাধ্যায়ৰ তত্ত্বাবধানত। ধ্ৰূপদী সঙ্গীতৰ এই শিক্ষাই তেওঁৰ মাজত সঙ্গীতৰ মৌলিক জ্ঞান সঞ্চাৰত গভীৰ ভূমিকা পালন কৰে। এই শিক্ষাই তেওঁৰ পৰবৰ্তী জীৱনৰ সুৰ-সাধনাত প্ৰভাব বিস্তাৰ কৰিছিল। পৰবৰ্তীকালত তেওঁ উস্তাদ আফতাবউদ্দিন খানৰ শিষ্যত্ব গ্ৰহণ কৰে।

চহৰৰ চৰ্থা এলেকাৰ শচীন দেৱ বৰ্মনৰ ঘৰৰ বিপৰীত দিশত অবস্থিত মুন্সিৰ ঘৰৰ ইতিহাসৰ পৰা জনা যায় যে, ঘৰৰ জমিদাৰ চালাহউদ্দিন আহম্মেদ প্ৰকাশ মৰ্তুজ মিয়াৰ বন্ধু আছিল শচীন দেৱ বৰ্মন। মৰ্তুজ মিয়াৰ পৰিবাৰিক ইতিহাসৰ পৰা শচীন দেৱৰ গায়ক হোৱাৰ পিছৰ চমকপ্ৰদ তথ্য জনা যায়।

জনা যায়, কৈশোৰত এদিন শচীন দেৱ বৰ্মন আৰু মৰ্তুজ মিয়াই যেতিয়া মুন্সিৰ ঘৰৰ সন্মুখৰ ৰাস্তাত নিশাৰ পৰত পায়চাৰী কৰিছিল তেতিয়া শচীন দেৱে গুণগুন কৰি গান গাইছিল। এই সময়ত ঘৰৰ সন্মুখত বহা জমিদাৰ নাবালক মিয়াই ঘৰৰ চাকৰ চফৰ আলীক ৰাস্তাত গান গোৱা ল’ৰাটোক মাতি আনিবলৈ ক’লে। চফৰে গৈ শচীন দেৱক ক’লে, শচীন মালিকে আপোনাক তৎক্ষণাত্‌ মাতিছে। তেতিয়া শচীন দেৱে ভয় খায় যায়। পাছত অভয় দান দি তেওঁক মাতি আনি নাবালক মিয়াই সুধিলে যে, তোমাৰ তো কণ্ঠ বৰ ভাল, কোনো বাদ্য যন্ত্ৰ আছে নে নাই? তেতিয়া শচীনে নাই বুলি উত্তৰ দিয়াত জমিদাৰ নাবালক মিয়াই পিয়ানো, হাৰমোনিয়াম, তবলাসহ সংগীতৰ বিভিন্ন সৰঞ্জামাদি কিনি তেওঁৰ নিজ গৃহৰ এটি কোঠাত সংগীত সাধনাৰ ব্যবস্থা কৰি দিয়ে। কানাকেষ্ট নামৰ এজন তবলাবদকো ৰাখি দিয়ে। তেতিয়াৰ পৰাই সংগীতত শচীনৰ উত্থান ঘটে।

কুমিল্লাত শচীন দেৱবৰ্মণ

[সম্পাদনা কৰক]

বীৰচন্দ্ৰ মাণিক্যৰ অৰ্থানুকূলে, কুমিল্লাৰ চৰ্থাত ৬০ একৰ মাটি লৈ প্ৰাসাদ নিৰ্মাণ কৰিছিল কুমাৰ বাহাদুৰ নবদ্বীপচন্দ্ৰই। এই প্ৰাসাদতে ১৯০৬ চনৰ প্ৰথম অক্টোবৰত তেওঁৰ নুমলীয়া সন্তান শচীন দেৱবৰ্মণৰ জন্ম। ১৯১০ৰ পৰা ১৯২০ খ্ৰীষ্টাব্দ পৰ্যন্ত ঠাকুৰপাৰাৰ সুৰলোক, কান্দিৰপাৰাৰ সবুজ সংঘ নাট্যদল, দি গ্ৰেট জাৰ্নাল থিয়েটাৰ পাৰ্টি, ইয়ংমেনচ্ ক্লাব ইত্যাদিক লৈ গঢ়ি উঠিছিল কুমিল্লাৰ সাংস্কৃতিক পৰিমণ্ডল। ত্ৰিপুৰাৰ মহাৰাজসকলে কুমিল্লাত সজায় দিছিল টাউনহল, নাট্যশালা, লাইব্ৰেৰী আৰু নানা সংস্কৃতিক কেন্দ্ৰ। ১৯২০ খ্ৰীষ্টাব্দৰ ফালে শচীন দেৱৰ বন্ধুসকলৰ মাজত আছিল সুৰসাগৰ হিমাংশু দত্ত, অজয় ভট্টাচাৰ্য, মোহিনী চৌধুৰী, সমৰেন্দ্ৰ পাল, কাজী নজৰুল ইছলাম, শৈলবালা দাম, ধ্ৰুপদীয়া সৌৰেন দাশ, সুধীন দাশ প্ৰমুখে লোকসকল। তালৈ নিয়মিতভাবে আহিছিল চলচ্চিত্ৰ পৰিচালক সুশীল মজুমদাৰ, ননী মজুমদাৰ, ব্ৰজেন বেনাৰ্জী, জিতু দত্ত, অৰুণ মহলানবিশ প্ৰমুখে ব্যক্তিসকল। গানৰ ধৰণ আছিল ভোৰকীৰ্তন, নগৰকীৰ্তন, কবিগান, ঢপযাত্ৰা। সাহিত্যিক, সুৰকাৰ, গীতিকাৰ, কবি আৰু সঙ্গীতজ্ঞসকল একত্ৰিত হৈছিল ইয়ংমেন্স ক্লাবত। আড্ডাৰ পৰা ভাঁহি আহিছিল নজৰুল আৰু শচীন দেৱৰ গান। নজৰুল কুমিল্লালৈ আহিলে থাকিছিল তালপুকুৰৰ পশ্চিমপাৰৰ এটি ঘৰত।[1] কুমিল্লাৰ পৰা শচীন দেৱ কলকাতালৈ আহে ১৯২৫ খ্ৰীষ্টাব্দত।[2]

প্ৰথমাৰ্ধৰ কাম

[সম্পাদনা কৰক]

১৯২৩ খ্ৰীষ্টাব্দত আকাশবাণী কলকাতা কেন্দ্ৰত তেওঁ প্ৰথম গান গায়। ১৯৩১ খ্ৰীষ্টাব্দত পিতা নবদ্বীপচন্দ্ৰই কলকাতাত দেহত্যাগ কৰে। মৃত্যুকালত তেওঁ আছিল ত্ৰিপুৰাৰ প্ৰধানমন্ত্ৰী। শচীন দেৱ তেতিয়া থাকিছিল কলকাতাৰ ত্ৰিপুৰা পেলেচত। নিজৰ লেখা সৰগমেৰ নিখাদ নামৰ আত্মজীবনীত শচীন দেৱবৰ্মণে স্বয়ং লিখিছে যে "পিতাৰ মৃত্যুৰ পাছত মই যেন অথাই সাগৰত পৰি গলো। এই অবস্থাত মই আগৰতলা বা কুমিল্লাত গৈ থকাহ’লে ৰাজকীয় আৰামত আৰু নিশ্চিন্তমনে নিজৰ ঘৰত বাস কৰিব পাৰিলো হয় আৰু ৰাজ্য চৰকাৰৰ যি কোনো উচ্চপদত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলো হয়। মোৰ ডাঙৰ দাদাসকলে মোক তাকে কৰিবলৈ কৈছিল। কিন্তু মোৰ এই ব্যবস্থা মনঃপূত নহল। নিজেই অকলে সংগ্ৰাম কৰি, নিজেই উপাৰ্জন কৰি সঙ্গীত সাধনাতে জীৱন কটাই দিব খোজোঁ। মনৰ মাজত একমাত্ৰ এই আকাঙ্ক্ষাকে লৈ কলকাতাৰ ত্ৰিপুৰাৰ প্ৰাসাদ এৰি ভাড়াৰ এটি সামান্য ঘৰত মোৰ আস্তানা বান্ধিলোঁ। "[3]

১৯৩২ খ্ৰীষ্টাব্দত তেওঁ অডিচনত ফেল কৰিলে ভাৰতৰ ৰেকৰ্ড প্ৰস্তুতকাৰী শীৰ্ষ প্ৰতিষ্ঠান এইচএমভিত। তেতিয়া তেওঁ একেই বছৰতে তেওঁৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ড উলিয়ায় হিন্দুস্তান মিউজিক্যাল প্ৰোডাক্টচৰ পৰা শচীন দেৱৰ প্ৰথম ৰেকৰ্ডকৃত দুটি গান হ’ল পল্লীগীতিৰ ঢঙত গোৱা "ডাকিলে কোকিল ৰোজ বিহানে" যাৰ আছিল গীতিকাৰ হেমেন্দ্ৰ কুমাৰ ৰায় আৰু খাম্বাজ ঠুমৰি অঙ্গৰ ৰাগপ্ৰধান "এ পথে আজ এসো প্ৰিয়" যাৰ গীতিকাৰ আছিল শৈলেন ৰায়। ১৯৩০-ৰ দশকত তেওঁ ৰেডিঅ’ত পল্লীগীতি গাই জনপ্ৰিয়তা অৰ্জন কৰে। পূৰ্ব বাংলা আৰু উত্তৰ-পূৰ্ব বাংলাৰ পল্লীগীতিৰ ওপৰত তেওঁৰ বিশেষ দখল আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৩৪ খ্ৰীষ্টাব্দত অল ইণ্ডিয়ান মিউজিক কনফাৰেন্সত গান গায় তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৩৫ খ্ৰীষ্টাব্দত বেঙ্গল মিউজিক কনফাৰেন্সত ঠুমৰি পৰিবেশন কৰি ওস্তাদ ফৈয়াজ খাঁক মুগ্ধ কৰিছিল। শেখ ভানুৰ ৰচনা ‘নিশিথে যাইয়ো ফুলবনে’ দেহ আৰু সাধনতত্ত্বৰ গানটোক প্ৰেমৰ গানলৈ ৰূপান্তৰ কৰিবলৈ কবি জসীমউদ্দীনৰ দ্বাৰা ৰূপান্তৰিত এই গানৰ ৰেকৰ্ড কৰে ১৯৩৫ খ্ৰীষ্টাব্দত।[4] ১৯৩৭ ত মীৰা ধৰক বিয়া কৰায়। মীৰা ধৰ আছিল তেওঁৰ সঙ্গীত জীৱনৰ বিশ্বস্ত সঙ্গী। বাংলা গানৰ জগতত মীৰা ধৰ তথা মীৰা দেৱবৰ্মণ অন্যতম সাৰ্থক গীতিকাৰ। তেওঁ ৰচনা কৰা গানৰ মাজত আছে ”শোন গো দখিন হাওয়া”, ”বিৰহ বড় ভাল লাগে”, ”সুবল ৰে বল বল”, ”বৰ্ণে গন্ধে ছন্দে গীতিতে”, ”কে যাস ৰে ভাটি গাঙ বাইয়া” আৰু ১৯৭১ খ্ৰীষ্টাব্দত ৰচনা কৰা "তাকদুম তাকদুম বাজাই বাংলাদেশেৰ ঢোল।"

চলচ্চিত্ৰ পঞ্জী

[সম্পাদনা কৰক]

সন্মান আৰু পুৰস্কাৰ

[সম্পাদনা কৰক]


আৰু চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.prothom-alo.com/detail/date/2009-10-02/news/9258[সংযোগবিহীন উৎস]
  2. http://www.prothom-alo.com/detail/date/2009-10-02/news/9258[সংযোগবিহীন উৎস]
  3. সৰগমেৰ নিখাদ - শচীন দেৱবৰ্মণ
  4. http://www.prothom-alo.com/detail/date/2009-10-02/news/9258[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]