সমললৈ যাওক

মদিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মদিনা
চহৰ
স্থানাংক: 24°28′N 39°36′E / 24.467°N 39.6°E / 24.467; 39.6স্থানাংক: 24°28′N 39°36′E / 24.467°N 39.6°E / 24.467; 39.6
দেশ  চৌদি আৰৱ
অঞ্চল আল মদিনাহ
কালি
 • চহৰ 589 km2 (227 sq mi)
 • নগৰ
293 km2 (113 sq mi)
উচ্চতা
620 m (2,030 ft)
জনসংখ্যা
 (2010)
 • চহৰ 11,83,205
 • ঘনত্ব 2,000/km2 (5,200/sq mi)
 • নগৰ
7,85,204

মদিনা (আৰবী: المدينة, চৰকাৰী ভাবে: المدينة المنورة আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱহেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে। ই ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ কাৰণ হজৰত মুহাম্মাদ (ছাঃ) হিজৰতৰ পাছত মদিনাত বসবাস কৰিছিল। নানান ঐতিহাসিক কাৰণত মদিনা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ মুছলিম সকলৰ ওচৰত অত্যন্ত শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰীটো।